June 16, 2025 7:29 PM
6
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ
উৎকট গৰমৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে। ইয়াৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা, বতাহেৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত অৰুণাচল প্ৰ...