December 13, 2024 10:33 AM

views 12

অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ আঁচনিৰ অধীনত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত অনুমোদন জনাইছে। অনুমোদিত ৩৫টা প্ৰকল্পৰ ভিতৰত অসমত সাতটা প্ৰকল্প ৰূপায়ণ হ'ব। এই প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৪০ কোটি টকা ধাৰ্য কৰিছে। লোকসভাত কালি উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে এই কথা প্ৰকাশ কৰে। অসমত ৰূপায়ণ হ'বলগীয়া সাতটা প্ৰকল্পৰ ভিতৰত কামৰূপ জিলাত উৎকর্ষ কেন্দ্ৰ হিচাপে ২০খন বিদ্যালয় নিৰ্মাণ ...