May 31, 2025 8:38 PM

views 19

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত

উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰকে ধৰি প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূৱ কামেং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে। জিলাখনৰ ১৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানা আৰু চেপ্পাত যোৱা নিশা চেপ্পা অভিমুখী এখন বাহন ভূমিস্খলন আৰু বানে উটুৱাই নিয়াৰ ফলত বাহনখনত থকা ৭ জন লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান ততালিকে আৰম্ভ কৰা হয় যদিও প্ৰতিকূ...