February 17, 2025 8:40 PM

views 29

NRDRMয়ে তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ

গ্রামীন উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় গ্ৰামীন উন্নয়ন আৰু পুনৰ নিৰ্মাণ অভিযান NRDRM এ তেওঁলোকৰ উদ্যোগত দুটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ কথা অস্বীকাৰ কৰিছে। মন্ত্ৰালয়ে জনাই যে, এন আৰ ডি আৰ এমে মন্ত্ৰালয়ৰ তত্বাৱধানত কাম নকৰে। মন্ত্ৰালয়ে লগতে এন আৰ ডি আৰ এমে www.nrdrm.com আৰু www.nrdrmvacancy.com এই দুটা ৱেৱছাইটৰ জৰিয়তে চাকৰিৰ ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰালয়ে এন আৰ ডি আৰ এমৰ তত্বাৱধানত প্ৰচাৰিত এনে ভুৱা বিজ্ঞাপনত ভোল নাযাবলৈ সাধাৰণ জনতাক আহ্বান জনাইছে।