November 18, 2025 8:37 PM
18
এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনিৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক
বিহাৰত এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এন ডি এৰ ৫ টা অংশীদাৰ দল ক্রমে বিজেপি, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ লব। মুখ্যমন্ত্রী নিতিশ কুমাৰ পুনৰ এন ডি এৰ বিধায়িনী দলৰ নেতা ৰূপে নির্বাচিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। ইয়াৰ পূৰ্বে বিজেপি আৰু জে ডি ইউ দলে তেওঁল...