October 16, 2025 9:58 AM October 16, 2025 9:58 AM
15
দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছেঃ গৃহ মন্ত্ৰালয়
দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছে। সম্প্রতি চত্তিশগড়ৰ বিজাপুৰ, ছুকমা আৰু নাৰায়ণপুৰ জিলাহে বাওঁপন্থী উগ্রবাদৰ পৰা সৰ্বাধিক প্ৰভাৱিত বুলি গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে বিবৃতিযোগে কৈছে, যে নক্সাল অধ্যুষিত জিলাৰ সংখ্যা হ্ৰাস পোৱাটোৱে এখন নক্সালমুক্ত ভাৰত গঢ়িবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা লক্ষ্যক প্ৰতীয়মান কৰে। দেশত ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালক পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিবৃতিটোত প্রকাশ কৰা হৈছে ।