December 4, 2025 1:03 PM

views 19

নৌ সেনা দিৱস উপলক্ষে নৌ সেনাৰ জোৱানসকললৈ প্রধানমন্ত্রীৰ শুভেচ্ছা

আজি নৌ সেনা দিৱস। বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা দেশ মাতৃক সুৰক্ষা দিয়াৰ বাবে সমুদ্ৰত সকলো প্রত্যাহ্বান নেওচি অতন্দ্ৰ প্ৰহৰি ৰূপে থকা ভাৰতীয় নৌ সেনা বাহিনীৰ বীৰত্ব আৰু স্বদেশ প্রেমক উদযাপনেৰে এই দিনটো নৌ সেনা দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দিবস উপলক্ষে নৌ সেনাৰ জোৱানসকললৈ শুভেচ্ছা জনাইছে। এটা বার্তাত শ্রী মোদীয়ে কয় যে আমাৰ নৌ সেনা হৈছে অদম্য বীৰত্ব আৰু একাগ্ৰতাৰ সমার্থক স্বৰূপ। তেওঁলোকে দেশৰ উপকূলসমূহ সুৰক্ষিত ৰাখি আমাৰ সামুদ্রিক ব্যৱস্থাক শক্তিশালী কৰি ৰাখিছে বুলি প্রধান...