October 3, 2024 12:46 PM October 3, 2024 12:46 PM

views 5

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি আৰম্ভ

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে মহাষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ'ব...