December 28, 2024 11:37 AM

views 15

মঙলদৈত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা

অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা আজিৰ পৰা দুদিনীয়াকৈ মঙলদৈ চহৰত অনুষ্ঠিত হ'ব। অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু মঙলদৈ শাখাৰ আতিথ্যত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বর্ণপীঠ মণ্ডলৰ অধীনৰ ৮ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱেশনত পূৰ্ণাংগ নাট প্ৰতিযোগিতা, একক অভিনয়, মুকাভিনয়, চিত্রাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।