August 30, 2025 11:06 AM
18
২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ
কেন্দ্ৰীয় বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কাৰ্যসূচী কালি নতুন দিল্লীৰ সংসদ ভৱন চৌহদত অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্রহণ কৰি বি জে পিৰ সাংসদ বাঞ্চুৰী স্বৰাজে সংসদীয় পদ্ধতি সুন্দৰকৈ প্ৰদৰ্শন কৰা বাবে শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। সাংসদ শ্ৰীমতী স্বৰাজে কয়, যে এই শিক্ষার্থীসকল কেৱল দেশৰ ভৱিষ্যতেই নহয়, তেওঁলোক ভৱিষ্যতৰ নেতাও। সাংসদগৰাকীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশ সুৰক্ষাৰ অৰ্থে স্বাস্থ্যসন্মত জীৱন যাপনৰ বাবেও উৎসাহিত কৰে।...