October 22, 2024 3:24 PM

views 25

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছে। তেওঁ কয় যে, ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰাম্যাঞ্চলৰ মাত্ৰ...

October 20, 2024 6:16 PM

views 54

মঙলবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জলবঁটা সমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰহিলৈ নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জলবঁটা সমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্ৰেষ্ঠ নগৰীয়া নিকায়, শ্ৰেষ্ঠ পানী ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি মুঠ ৯ টা শাখাত ৩৮ গৰাকী বিজেতাৰ নাম ঘোষণা কৰিছে। শ্ৰেষ্ঠ ৰাজ্যৰ শাখাত ওড়িশাই প্রথম স্থান লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান অৰ্জন কৰিছে। প্ৰতিটো শাখাৰ বিজেতাক এখন প্ৰশস্তিপত...