January 24, 2026 9:09 PM

views 47

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব

নির্বাচন আয়োগে কাইলৈ নতুন দিল্লীত ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বছৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল বিষয় হৈছে- মোৰ ভাৰত মোৰ ভোট। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে বিভিন্ন শাখাৰ শ্ৰেষ্ঠ নির্বাচন বিষয়ক কামকাজৰ বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, মুখ্য নির্বাচন আ...

January 24, 2026 8:21 PM

views 44

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

January 25, 2025 12:36 PM

views 14

দেশত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন

সমগ্ৰ দেশতে আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হৈছে। এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে মুখ্য নির্বাচন আয়ুক্ত আৰু আন নির্বাচন আয়ুক্তসকলে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ পূৰ্ব-সন্...