March 16, 2025 2:18 PM

views 28

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। টীকাকৰণৰ প্ৰয়োজন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ১৬ মাৰ্চৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। সামাজিক মাধ্যমযোগে স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ প্ৰতিটো শিশুকে সুৰক্ষা দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে টীকাকৰণ হৈছে মূল চালিকা শক্তি। ৰাজ্য চৰকাৰসমূহৰ লগতে উৎসর্গিকৃত আগশাৰীৰৰ স্বাস্থ্যকৰ্মীসকলৰ সহযোগত দেশৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰ্যালয় বদ্ধপৰিকৰ বুলিও পোষ্টটোত প্ৰকাশ কৰা হৈছে...