October 31, 2024 12:19 PM

views 17

একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁ কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তৰ জৰিয়তে এক ৰাষ্...

October 31, 2024 11:26 AM

views 16

আজি ৰাষ্ট্ৰীয় একতা দিৱস

আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ স্বাধীনতা সংগ্ৰামত অগ্রণী ভূমিকা গ্ৰহণ কৰা আৰু দেশৰ প্ৰথম উপ প্রধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৩১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱসে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এখন ৰাষ্ট্ৰ গঢ়ি তোলাৰ লগতে দেশৰ জনসাধাৰণৰ মাজত একতাৰ ভাৱ সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰচেষ্টাৰ কথা সোঁৱৰাই দিয়ে । এই দিনটোত অসাধাৰণ নেতৃত্ব আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ চৰ্দাৰ বল্লভা ভাই পেটেলক ভাৰতৰ...