May 4, 2025 11:36 AM

views 24

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জি আজি অনুষ্ঠিত হ′ব

সমগ্ৰ দেশ আৰু বিদেশৰ ১৩ খন চহৰৰ ৫ হাজাৰৰো অধিক কেন্দ্ৰত আজি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে ২২ লাখ ৭০ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে।

April 10, 2024 11:30 AM

views 29

আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীক পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব পাৰিব : ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সাধাৰণ নিৰ্বাচনত ভোটদান কৰা তথা আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীসকলক পৰীক্ষা কক্ষত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে, এই সন্দৰ্ভত সামাজিত মাধ্যমত প্ৰচাৰিত বাৰ্তা সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে, তেওঁলোকে এনে ধৰণৰ কোনো নীতি নিৰ্দেশনা জাৰি কৰা নাই । সংস্থাটোৱে শিক্ষাৰ্থীসকলক এনে ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে বিদ্যাৰ্থীসকলক অধ্যয়নত গুৰুত্ব দিব...