August 29, 2025 7:36 PM

views 24

দিনজোৰা কাৰ্যসূচীৰে অসমতো আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হৈছে। ধেমাজি জিলাত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি দহ কিলোমিটাৰ মাৰাথান দৌৰ প্রতিযোগিতা অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ কাৰ্যসূচীত মেজৰ ধ্যানচন্দৰ...

August 29, 2025 2:40 PM

views 28

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ মূল বিষয়বস্তু হৈছে- শান্তিপূৰ্ণ আৰু সৰ্বাত্মক সমাজৰ প্ৰসাৰৰ বাবে খেল-ধেমালি। এই বিষয়বস্তুৰ জৰিয়তে খেল-ধেমালিয়ে কিদৰে দলীয় ভাৱনা শক্তিশালী আৰু ভাষা অথবা আঞ্চলিক বিভেদ দূৰ কৰি জনসাধাৰণক ঐক্যবদ্ধ কৰে সেই বিষয়ে আলোকপাত কৰা হৈছে। ইয়াৰ উপৰি এই বিষয়বস্তুৰ মাধ্যমেৰে শান্তি, সৰ্বাত্মকতা আৰু সদভাৱৰ আহিলা হিচাপে ক্ৰীড়াৰ ব্যৱহাৰত...

August 29, 2025 1:36 PM

views 27

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱালকুছিত এটা সমুহীয়া খোজকঢ়া কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। এই সামুহিক খোজকঢ়া কাৰ্যসূচীৰ উদ্বোধন কৰে জিলা ক্রীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কার্তিক মেধিয়ে। শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা ...

August 25, 2024 11:37 AM

views 38

দেশৰ সকলো ক্রীড়া প্রেমীক ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ  কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই দেশৰ সকলো ক্রীড়া প্রেমীক ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হ'ব। ক্রীড়া মন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। তেওঁ লগতে কয় যে, নিজকে সুস্থ-সবল কৰি ৰখাটো প্ৰতিগৰাকী ভাৰতীয়ৰ দায়িত্ব। ৰাষ্ট্ৰীয় ক্রীড়া দিৱস কেৱল দেশৰ খেলুৱৈসকলক সন্মানিত কৰাৰ এটা উপলক্ষ্যই নহয় বৰং এই দিৱসে সন্তুলিত আৰু সুস্থ জীৱন বৰ্তাই ৰখাত ...