October 22, 2025 1:09 PM

views 177

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।

April 2, 2025 7:36 PM

views 45

আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব

আৰ্জেণ্টিনাৰ ব্যুনছ আয়াৰত কাইলৈ হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ বাবে ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শটগান শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। এইবছৰৰ আই এছ এছ এফ বিশ্বকাপত ৪৫ খন দেশৰ ৪০০ শতকৈও অধিক শ্লুটাৰে অংশগ্ৰহণ কৰিছে। ৪৩ জনীয়া শুটাৰেৰে ভাৰতীয় দলটো প্ৰতিযোগিতাৰ আটাইতকৈ বৃহৎ দল আৰু ৩৯ গৰাকী খেলুৱৈৰে চীনৰ দলটো দ্বিতীয বৃহৎ দল হিচাপে পৰিগণিত হৈছে। আয়োজক দেশ...

February 4, 2025 8:15 PM

views 39

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙত লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্রাম শাখাত অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰিছে। একেদৰে পুৰুষৰ ৭১ কিলোগ্রাম শাখাত অসমৰ নৱাগত বক্সাৰ অভিনৱ শ‍ইকীয়াইয়ো ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। আজি কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-২ ব্যৱধানত পৰাজিত কৰে।