August 23, 2025 8:07 PM

views 13

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্র দেশতে আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু চন্দ্ৰত প্ৰজ্ঞান ৰ'ভাৰ সফলভাৱে স্থাপনক সুঁৱৰি এই দিৱস উদযাপন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত পঞ্চম অসম বেটেলিয়নৰ এন চি চি তেজপুৰৰ উদ্যোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই ভাগ লয়। কর্ণেল টি এন উন্নীকৃষ্ণণ, মহাবিদ্যালয়ৰ অধ্যক্ষ ...