August 29, 2024 8:48 PM
24
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শ্ৰী দোভালে কলম্বো সুৰক্ষা সন্মিলনৰ আলাপ-আলোচনাৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ ফলস্বৰূপে আঞ্চলিক উদ্যমৰূপে কলম্বো সুৰক্ষা সন্মিলন আৰম্ভ কৰা হয়। এখন সুৰক্ষিত আৰু সুস্থিৰ ভাৰত মহাসাগৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে এই ত্রিপাক্ষিক প্ৰচেষ্টাৰ সুত্রপাত হৈছিল আৰু ভাৰতে এই প্ৰচেষ্টাক আগুৱাই নিয়াৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। বর্তমান এই ত্রিপাক্...