November 26, 2024 12:13 PM

views 11

ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াত অসমৰ এতিয়ালৈকে ৫টা সোণসহ ২৪টা পদক অৰ্জন

চলিত ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াত অসমৰ খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি সাফল্য আহৰণ কৰিবলৈ সমৰ্থ হৈছে। এতিয়ালৈকে হোৱা খেলত অসমে ৫টা সোণ, ৬টা ৰূপ আৰু ১৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৪টা পদক অৰ্জন কৰিছে। গুজৰাটৰ ৰাজকোটত চলি থকা ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত অসমে ২টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ১৪ বছৰ অনূৰ্ধ্ব ল'ৰা আৰু ছোৱালীৰ প্ৰতিযোগিতাখনত অসমৰ ভূমিকা কাশ্যপে ২০০ মিটাৰ মিডলে শাখাত ৰূপ অৰ্জন কৰাৰ বিপৰীতে ল'ৰাৰ ১০০ মিটাৰ বেক ষ্ট্ৰোকত জ্ঞানদ্বীপ বৰগোহাঁয়ে দ্বিতীয় স্থানত থাকি ৰূপ ...