November 16, 2025 8:16 PM

views 30

দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবৰ মন্তব্য

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে দিৱস উপলক্ষে সংবাদ মাধ্যমক বিশ্বাসযোগ্যতা শক্তিশালী কৰাৰ লগতে ভুল তথ্যক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই বক্তৃতাৰ আয়োজন কৰা হৈছে। এই দিবস উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৰ্মৰত সকলোকে অভিনন্দন জনায়। আজিৰ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰুগান, বিভ...

November 16, 2025 6:38 PM

views 20

সমগ্র দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন

সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পর্কে সজাগ, সচেতন কৰাৰ বাবে এই দিবস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসি বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণ মাধ্যমৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাব। অসমতো আজি ৰাষ্ট্ৰীয় প্রেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নির্মাণ বিভাগৰ স...

November 16, 2025 11:40 AM

views 47

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ, সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণ মাধ্যমৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্রভাব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত স্বাধীন, দায়িত্বশীল আৰু নিৰ্ভিক সংবাদমাধ্যম গণতন্ত্ৰৰ অন্যতম মুখ্য স্তম্ভ হিচাপে পৰিগণি...

November 16, 2024 7:17 PM

views 22

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। এই উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট গল্পকাৰ আৰু প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ড০ কুলধৰ শ‍ইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰকৃতি বিষয়ত বক্তৃতা প্ৰদান কৰ...

November 14, 2024 12:52 PM

views 27

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই উপলক্ষে সেইদিনা দিনৰ ১১.৩০ বজাত ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপটঃ স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা আগবঢ়াব বিশিষ্ট লেখক, সাংবাদিক অৰূপ কুমাৰ দত্তই।