July 3, 2024 12:57 PM

views 14

সাম্প্ৰতিক বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট

সাম্প্ৰতিক বানে ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট কঢ়িয়াই আনিছে। ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২২৩টা বন শিৱিৰৰ ১৬৩টা জলমগ্ন হৈ থকাৰ লগতে বানৰ বাবে উদ্যানৰ অন্তৰ্ভাগৰ ৯টা বন শিৱিৰৰ বনকৰ্মীৰ স্থানান্তৰ কৰা হৈছে। বানৰ ফলত ইতিমধ্যে এটা গঁড়ৰ পোৱালি আৰু চাৰিটা অন্য জন্তুৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লৈ এন ডি আৰ এফ আৰু পশু চিকিৎসা বিভা...