December 10, 2025 3:15 PM December 10, 2025 3:15 PM
8
সুশাসনক জৰুৰী অধিকাৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে
ভাৰতবৰ্ষক দক্ষ প্রতিষ্ঠান আৰু সহানুভূতিশীল শাসন ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা সুনিশ্চিত কৰিব পৰা এখন ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ ভৱিষ্যতৰ আকাংক্ষা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱস আৰু নিত্য আৱশ্যকতা পূৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি ড° মিশ্রাই সুশাসনক জৰুৰী অধিকাৰ বুলি অভিহিত কৰে। তেওঁ লগতে সুশাসনৰ বাবে দক্ষ ব্যৱস্থা, স্বচ্ছ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ প্ৰতি সন্মান তথা সহানুভূতি থকা প্রতিষ্ঠান জৰুৰী...