December 22, 2025 12:23 PM

views 41

গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

ভাৰতৰ এগৰাকী বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয়। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱে আয়োজন কৰা হয়। গণিতৰ ক্ষেত্ৰখনলৈ ৰামানুজনে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১১ চনত প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো গণিত দিৱস হিচাপে পালনৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী বৰ্ষটোত অর্থাৎ ২০১২...