April 1, 2025 12:53 PM

views 38

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে'ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ'ব। ...

September 6, 2024 1:33 PM

views 21

ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰিছে। প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ দেশজুৰি এই পষেক পালন কৰা হয়। এই উপলক্ষে নেত্ৰদানৰ দৰে মহান কৰ্মত অংশীদাৰ হ'বলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে আগ্ৰহীসকলক নেত্র দানৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়কে ধৰি কেইবাখনো চকু চিকিৎ‍সালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।