February 3, 2025 12:24 PM February 3, 2025 12:24 PM
4
ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈ অসমৰ ১৩টা পদক লাভ
ৰাষ্ট্ৰীয় ক্রীড়াত এই পর্যন্ত ১৩টা পদক লাভ কৰি অসমে জয়যাত্রা অক্ষুন্ন ৰাখিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙৰ ৫১ কিলোগ্রাম তলৰ শাখাত গৌৰৱ মজুমদাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ লন বলত অসম উত্তৰাখণ্ডৰ মুখামুখি হোৱাৰ লগতে মহিলা শাখাত অসম-দিল্লী মুখামুখি হ'ব। ইপিনে, অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক ১-০ গ'লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অসম মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লক্ষণীয়ভাৱে অসমৰ ফুটবল দলটো...