February 1, 2025 7:14 PM
9
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত কেইবাগৰাকীও খেলুৱৈৰ পদক অৰ্জন
উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে আজি পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ভাৰোত্তলনত সুদিত্য বৰুৱাই ৮৯ কিলোগ্রাম শাখাত ৰূপৰ পদক লাভ কৰিছে। একেদৰে সাঁতোৰতো সুন্দৰ প্ৰদৰ্শনেৰে অসমে একাধিক পদক অর্জন কৰাৰ বাতৰি আমালৈ আহিছে। পুৰুষৰ ২০০ মিটাৰ সাঁতোৰৰ বাটাৰফ্লাই শাখাত বিক্ৰম চাংমাইয়ে ৰূপৰ পদক লাভ কৰিছে। একেদৰে মহিলাৰ ২০০ মিটাৰ সাঁতোৰত আশা চৌধুৰীয়ে বাটাৰফ্লাই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ ৭৫ কিলোগ্রাম শাখাত বক্সিঙত লাভলীনা বৰগোহাঁইয...