August 16, 2025 5:58 PM

views 19

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিব। ড০ শৰ্মাই কয় যে বিশ্বমানৰ খেলুৱৈ সৃষ্টি কৰিবলৈ হ'লে খেলুৱৈসকলৰ বাবে বিশ্বমানৰ সা-সুবিধা সৃষ্টি কৰিব লাগিব আৰু অসমত এনে প্ৰচেষ্টা চলি আছে। ৰাজ্যৰ প্ৰতিখন জিলাতে ক্ৰীড়াৰ অনুশীলনৰ বাবে উত্তম আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে আৰু প্ৰশিক্ষণৰ...

January 27, 2025 8:19 PM

views 29

কাইলৈ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত কাইলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত হবলগীয়া বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্রীমোদীৰ লগতে কমনৱেলথ গেমছ ফেডাৰেচনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি ঊষাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে ভাগ ল'ব...

December 4, 2024 12:28 PM

views 28

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰ ক্ৰীড়া মহোৎসৱত ৩৬ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদৰ্শনীমূলক খেল হিচাপে মালখাম্ব, কালাৰিয়াপাটু, যোগাসন আৰু ৰাফটিঙক অন্তৰ্ভুক্ত কৰা হৈছে।

October 10, 2024 12:09 PM

views 30

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰৰ ২৮ জানুৱাৰীত উত্তৰাখণ্ডত আৰম্ভ হ’ব

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্রীড়াৰ উপৰিও উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্ৰীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি প্রীতি ঊষাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰাখণ্ডে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনু...