November 26, 2024 12:30 PM November 26, 2024 12:30 PM

views 22

দেশত আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস পালন

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰা হৈছে। ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা বছৰজোৰা উদযাপনৰ কথা ঘোষণা কৰিছে। এইবেলি দেশৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকলক সম্বোধন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ...