January 5, 2025 7:51 PM January 5, 2025 7:51 PM

views 7

কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদানৰ লগতে ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ

অসম চৰকাৰে অহা ১৭ জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প,সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ৫ গৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যিক বঁটাৰে সন্মানিত কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰী বৰাই কয়, যে বিশিষ্ট কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ড০ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ-গ্রেড স্বীকৃতিপ্রাপ্ত শি...