October 15, 2024 11:11 AM

views 15

সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ

নাছাই মহাকাশ অভিযানৰ বাবে নিৰ্মাণ কৰা সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ কৰিছে। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাত অভিযান চলাব এই মহাকাশযানখনে। ৫ বছৰ ৬ মাহত ২ দশমিক ৯ বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰি সৌৰশক্তিচালিত যানখনে ২০৩০ চনত বৃহস্পতি গ্ৰহৰ কক্ষপক্ষত প্ৰৱেশ কৰিব। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ নামেৰে মহাকাশ যানখনৰ নামকৰণ কৰা হৈছে।