August 21, 2025 5:50 PM

views 17

নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰৰ কথা প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। এই উপগ্ৰহটোত এছ/২০২৫ ইউ ৱান বুলি নামকৰণ কৰা হৈছে।

August 16, 2025 8:24 PM

views 20

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই পুনর্বাসনৰ পিছত ভাৰতলৈ উভতনি

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র, আই. এছ. এছ. ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশত অৱস্থিত পৰীক্ষাগাৰত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। সফল মহাকাশ অভিযানৰ পিছত পুনর্বাসনৰ বাবে আমেৰিকাত থকা ভাৰতীয় মহাকাশচাৰীজন কাইলৈ ভাৰতত উপস্থিত হ'ব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমত শুভাংশু শুক্লাই তেওঁৰ মহাকাশ যাত্ৰা আৰু বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ উত্তেজনাৰ কথা স্মৰণ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। উল্লেখযোগ্য যে বিশ্বৰ এগৰাকী আগশাৰীৰ মহাকা...

August 10, 2025 11:33 AM

views 22

স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে বুলি নাছাৰ প্ৰকাশ

নাছাই প্ৰকাশ কৰা অনুসৰি স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক কালি নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে। নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশচাৰী টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেচকোভে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত প্রায় ১৪৮ দিন কটোৱাৰ পাছত কালি পৃথিৱীলৈ উভতি আহে। যোৱা মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰি মহাকাশচাৰীৰ চাৰ্জিনীয়া দলটোৱে বিজ্ঞানৰ গৱেষণা চলাইছিল। নাছাৰ বিষয়াসকলে ব্লগ পোষ্টত লিখা অনুসৰি, মহাকাশচাৰী...

March 19, 2025 2:45 PM

views 16

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগৰাকীয়ে এই প্রভাৱৰ পৰা মুক্ত হোৱাৰ বাবে কঠোৰ শাৰীৰিক অনুশীলন কৰিব লাগিব। নামমাত্ৰ মধ্যাকৰ্ষণৰ মাজত থকাৰ বাবে মানৱ শৰীৰত ন ন প্ৰত্যাহ্বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত এৰ'বিক ক্ষমতা, মাংসপেশীৰ শক্তি, ভাৰসাম...

March 18, 2025 8:52 PM

views 20

পৃথিৱী অভিমুখে ৰাওনা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ

বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ পৃথিৱী অভিমুখে আহি আছে। নাছাই প্রকাশ কৰা তথ্য অনুসৰি স্পেচএক্সৰ ড্রেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১০ বাজি ৩৫ মিনিটত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা কৰিছে। প্ৰায় ১৭ ঘণ্টা যাত্ৰাৰ অন্তত তেওঁলোক কাইলৈ পুৱতি নিশা ৩ বাজি ২৭ মিনিটত পৃথিৱীত অৱতৰণ কৰিব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজু...

June 28, 2024 12:50 PM

views 28

মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে

কাৰিকৰী আঁসোৱাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত পোনতে ৮ দিনৰ বাবে পৰিকল্পনা কৰা এই অভিযান এতিয়া এমাহলৈ চলিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহাকাশচাৰীদ্বয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই লৈ যোৱা ষ্টাৰ লাইনাৰ মহাকাশ যানখনৰ হিলিয়াম প্ৰণালীত আসোৱাহ থকা বুলি গম পোৱাৰ পাছতো নাছা আৰু বয়িং কৰ্তৃপক্ষই উৎক্ষেপণ পিছুৱাই দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।