June 2, 2025 8:50 PM

views 30

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব মহাকাশ-বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহন খণ্ডত সোণালী অধ্যয়ৰ সূচনা কৰিছে। বৰ্তমান ভাৰতে বিশ্বৰ ঘৰুৱা বিমান পৰিবহন খণ্ডত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকা...

June 2, 2025 8:49 PM

views 30

ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ'চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োখন দেশে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ আদিৰ বিৰুদ্ধে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত...

June 2, 2025 10:02 AM

views 29

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছৰ আজিৰে পৰা ৩ দিনীয়াকৈ ভাৰত ভ্ৰমণ

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছে আজিৰে পৰা তিনিদিনীয়াকৈ ভাৰত ভ্ৰমণ কৰিব। তেওঁৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো থাকিব। এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পর্যালোচনা কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জনাইছে যে ৰাষ্ট্ৰপতি পেনাৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ আৰু কোনো এগৰাকী পাৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ বৰ্তমানলৈকে দ্বিতীয়টো ভাৰত ভ্ৰমণ। যাত্ৰাৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি পেনাই প্রধানমন...

June 2, 2025 9:38 AM

views 22

ভাৰত মণ্ডপমত আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বায়ু পৰিবহণ সংঘ, আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণো দিব। এই সভা কালি আৰম্ভ হৈছিল আৰু কাইলৈ ইয়াৰ সামৰণি পৰিব। বিশ্ব বিমান পৰিবহণ সন্মিলনত বিমান উদ্যোগসমূহে সন্মুখীন হোৱা মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব, য'ত বিমান উদ্যোগৰ অৰ্থনীতি, বিমান সংযোগ, শক্তি, সুৰক্ষা, বহনক্ষম বিমান ইন্ধন উৎপাদন আৰু উদ্ভাৱন আদিকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত...

May 29, 2025 7:08 PM

views 21

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত নির্মীয়মান চেৱোক ৰংপো ৰে'লপথে ছিকিমক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্রীমোদীয়ে কয় যে যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ ...

May 27, 2025 4:35 PM

views 27

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

আজি প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাৰ জৰিয়তে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।

May 27, 2025 4:07 PM

views 18

শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলেঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলে । গুজৰাটৰ গান্ধী নগৰৰ মহাত্মা মন্দিৰত আজি এখন জনসভাত শ্ৰী মোদীয়ে এই কথা উল্লেখ কৰি কয়, যে যোৱা ৬ মে'ৰ ঘটনাৰ পাছত ভাৰতক সন্ত্রাসবাদী কাৰ্যকলাপৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। সীমান্তৰ ইপাৰৰ পৰাই তেওঁলোকে নিজেই ইয়াৰ প্ৰমাণ দিলে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে পাকিস্তানত মৃত সন্ত্রাসবাদী কেইজনৰ কফিনত ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই ছেলুট দি ৰাষ্ট্ৰীয় সন্মান সহকাৰে শেষ...

May 24, 2025 4:09 PM

views 37

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰু চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই উপস্থিত আছে। কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য তথা মুখ্য কাৰ্যবাহী বিষয়া এই বৈঠকত উপস্থিত আছ...

May 24, 2025 4:07 PM

views 16

কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আ...

May 23, 2025 3:18 PM

views 31

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভ...