June 2, 2025 9:38 AM June 2, 2025 9:38 AM

views 18

ভাৰত মণ্ডপমত আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বায়ু পৰিবহণ সংঘ, আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণো দিব। এই সভা কালি আৰম্ভ হৈছিল আৰু কাইলৈ ইয়াৰ সামৰণি পৰিব। বিশ্ব বিমান পৰিবহণ সন্মিলনত বিমান উদ্যোগসমূহে সন্মুখীন হোৱা মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব, য'ত বিমান উদ্যোগৰ অৰ্থনীতি, বিমান সংযোগ, শক্তি, সুৰক্ষা, বহনক্ষম বিমান ইন্ধন উৎপাদন আৰু উদ্ভাৱন আদিকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত...

May 29, 2025 7:08 PM May 29, 2025 7:08 PM

views 5

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত নির্মীয়মান চেৱোক ৰংপো ৰে'লপথে ছিকিমক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্রীমোদীয়ে কয় যে যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ ...

May 27, 2025 4:35 PM May 27, 2025 4:35 PM

views 12

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

আজি প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাৰ জৰিয়তে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।

May 27, 2025 4:07 PM May 27, 2025 4:07 PM

views 9

শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলেঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শেহতীয়া ছায়া যুদ্ধই এখন পূৰ্ণ পৰিকল্পিত যুদ্ধৰ ৰণনীতিৰ কথা প্ৰমাণ কৰিলে । গুজৰাটৰ গান্ধী নগৰৰ মহাত্মা মন্দিৰত আজি এখন জনসভাত শ্ৰী মোদীয়ে এই কথা উল্লেখ কৰি কয়, যে যোৱা ৬ মে'ৰ ঘটনাৰ পাছত ভাৰতক সন্ত্রাসবাদী কাৰ্যকলাপৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। সীমান্তৰ ইপাৰৰ পৰাই তেওঁলোকে নিজেই ইয়াৰ প্ৰমাণ দিলে বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে পাকিস্তানত মৃত সন্ত্রাসবাদী কেইজনৰ কফিনত ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই ছেলুট দি ৰাষ্ট্ৰীয় সন্মান সহকাৰে শেষ...

May 24, 2025 4:09 PM May 24, 2025 4:09 PM

views 20

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰু চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই উপস্থিত আছে। কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য তথা মুখ্য কাৰ্যবাহী বিষয়া এই বৈঠকত উপস্থিত আছ...

May 24, 2025 4:07 PM May 24, 2025 4:07 PM

views 4

কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আ...

May 23, 2025 3:18 PM May 23, 2025 3:18 PM

views 21

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভ...

May 22, 2025 12:07 PM May 22, 2025 12:07 PM

views 11

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ'বলগীয়া ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ'ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ বিষয়ববীয়া, সাংসদ, উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহুসংখ্যক বিনিয়োগকাৰী উপস্থিত থাকিব। এই সন্মিলনখন ফিক্কি আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ে আয়োজন কৰিছে।

May 21, 2025 8:05 PM May 21, 2025 8:05 PM

views 18

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 20, 2025 9:01 PM May 20, 2025 9:01 PM

views 10

ভাৰত এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলঃ প্রধানমন্ত্ৰী

এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৮ সংখ্যক সত্ৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। স্বাস্থ্য প্ৰত্যাহ্বানসমূহে বিশেষকৈ গ্লোৱেল ছাউথ হিচাপে জনাজাত ঔদ্যোগিকৰণ আৰু আৰ্থিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় দৃষ্টিভংগীয়ে এই সমস্যা সমাধান...