June 23, 2025 8:37 PM

views 23

ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমোদীয়ে ২০২২ চনত প্রধানমন্ত্রী সংগ্রহালয় মুকলি কৰিছিল। এই সংগ্ৰহালয়ত দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদান তথা কিদৰে আমাৰ গণতন্ত্রই সমাজৰ প্ৰতিটো শ্ৰেণীৰ নেতাক ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱাত সুযোগ প্ৰদান ...

June 19, 2025 7:55 PM

views 16

ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ'ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। ক্ৰ'ৱেছিয়া ভ্ৰমণ কালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্রী আন্দ্ৰে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পর্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফাৰ্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষি...

June 12, 2025 2:38 PM

views 18

দেশৰ প্রযুক্তিৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্রযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰশংসা কৰিছে। ডিজিটেল ইণ্ডিয়াই যুৱ প্ৰজন্মক উদ্ভাৱনীমূলক কাম-কাজ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উপৰি বিগত ১১ বছৰত ভাৰতক গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰ ঘটাইছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম এক্সত মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাত সঁহাৰি দি মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰযুক্তিৰ সুচল ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণ বিভিন্ন দিশত উপকৃত হৈছে। ডিজিটেল ইণ্ডিয়া কার্যসূ...

June 11, 2025 8:31 PM

views 19

সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ প্ৰৱন্ধ প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত এটা প্ৰৱন্ধ ছেয়াৰ কৰিছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই প্ৰৱন্ধটো লিখিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিগত ১১ বছৰত দেশৰ সামগ্রিক বিকাশত উল্লেখযোগ্য পৰিৱৰ্তন আৰু দেশক সমৃদ্ধিশালী আৰু উন্নত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য দিশসমূহৰ কথা উল্লেখ কৰে।

June 10, 2025 9:22 PM

views 36

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ মোদী এপ্ অথবা নমো এপৰ জৰিয়তে আৰম্ভ কৰা জন-মন সমীক্ষাৰ প্ৰথম দিনতে সমগ্ৰ দেশৰ ৫ লাখৰো অধিক লোকে এই সমীক্ষাৰ জৰিয়তে প্রতিক্রিয়া জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক বিগত ১১ বছৰত দেশৰ বিকাশ যাত্ৰা সন্দৰ্ভত নমো এপৰ জৰিয়তে সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই সমীক্ষাই জনসাধাৰণৰ সৈতে চৰকাৰক পোনপটীয়াকৈ প্ৰতিক্ৰিয়া আৰু দিহা-পৰামৰ্শ আগবঢ়োৱাৰ মঞ্চ প্ৰদান কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিক্ৰিয়া সংগ্ৰহেৰে এই সমীক্ষাৰ ...

June 10, 2025 7:12 PM

views 35

বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিৰক্ষা উৎপাদনত সম্প্রতি আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰতাক গুৰুত্ব দিয়া হৈছে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবাসীয়ে ঐক্যবদ্ধহৈ কাম কৰিছে।

June 6, 2025 8:24 PM

views 33

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছেঃ প্রধানমন্ত্ৰী

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কাট্ৰাত চেনাব দলং আৰু আঞ্জি খাদ দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে এই অত্যাধুনিক চেনাব দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এতিয়া সমগ্ৰ দেশ ৰে'লৱে নেটৱৰ্কেৰে সংযোজিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল লাইন প্রকল্প হৈছে, এখন নতুন আৰু শক...

June 6, 2025 6:39 PM

views 43

জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জি খাদ দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰে'ল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা এই ৪২ বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত এই চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্রকল্প সম্পূৰ্ণ হ'ল। ইয়াৰ ফলত এহেজাৰ ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল পথৰ নিৰ্মাণৰ কামো ...

June 3, 2025 9:27 PM

views 31

প্রধানমন্ত্ৰী মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ জুনত জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতিক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা চেনাব ৰে'ল দলংখন অতি কঠিন প্রাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

June 3, 2025 7:04 PM

views 30

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাব সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰে। ...