August 28, 2025 8:55 PM August 28, 2025 8:55 PM

views 12

মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্রধানমন্ত্রী শ্রীমোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মহাত্মা আয়নকলিক সামাজিক ন্যায় আৰু সৱলীকৰণৰ এক প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। উল্লেখযোগ্য যে সমাজ সংস্কাৰক, শিক্ষাবিদ মহাত্মা আয়নকলিয়ে কেৰালাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ পুলায়া সম্প্ৰদায়ৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজ দিছিল। তেওঁ সমাজত জাত-পাতৰ বাধা নিষেধ আঁতৰোৱাৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে দলিত সম্প্ৰদায়ৰ শিশুৰ শিক্ষাৰ উদ্দে...

August 19, 2025 2:12 PM August 19, 2025 2:12 PM

views 19

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰী মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক এন ডি এৰ সাংসদসকলৰ সৈতে চিনাকি কৰি দিয়ে। তেওঁ কয়, যে শ্ৰী ৰাধাকৃষ্ণনে সংসৰ সদস্য আৰু ৰাজ্যপাল হিচাপে ৰাজহুৱা জীৱনত সফলভাৱে ৰাইজৰ সেৱা কৰি আহিছে। বৈঠকৰ পাছত সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰ...

August 18, 2025 8:49 PM August 18, 2025 8:49 PM

views 10

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ'কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।

August 16, 2025 8:29 PM August 16, 2025 8:29 PM

views 11

পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রী মোদীয়ে কয়, যে ৰাষ্ট্ৰৰ প্ৰতি পাৰ্চীসকলে আগবঢ়াই অহা অৱদানৰ বাবে দেশ গৌৰৱান্বিত। তেওঁ এই নৱবৰ্ষই যাতে সকলোলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাৰ্তা কঢ়িয়াই আনে তাৰেই আশা কৰে।

August 16, 2025 5:53 PM August 16, 2025 5:53 PM

views 29

কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে'ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায় আছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু দিল্লী আৰু ইয়াৰ আশ-পাশত এলেকাসমূহত যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক পৰিকল্পনাৰ অধীনত এই প্রকল্প দুটা বিকশাই তোলা হৈছে। প্ৰকল্প দুটা উদ্বোধ...

August 7, 2025 9:11 PM August 7, 2025 9:11 PM

views 12

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী মোদীয়ে কয়, যে এই দিনটোত দেশৰ বর্ণাঢ্য বয়ন পৰম্পৰাক উদযাপন কৰা হয় যিয়ে নাগৰিকসকলৰ সৃষ্টিশীলতা প্রদর্শন কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ হস্ততাঁত খণ্ডত থকা বিবিধতা আৰু জনসাধাৰণৰ জীৱন ধাৰণ তথা সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ গৌৰৱবোধ কৰে বুলি প্ৰকাশ কৰে।

August 5, 2025 3:25 PM August 5, 2025 3:25 PM

views 16

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰীগৰাকীয়ে এখন জনসভাতো ভাষণ দিব। ছেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অংশ হিচাপে এই ভৱন নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰশাসনিক প্রক্রিয়াসমূহ সুশৃংখল কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি থকা সাধাৰণ কেন্দ্ৰীয় সচিবালয় ভৱন নিৰ্মাণ প্ৰকল্পৰ অংশ হিচাপে কৰ্তব্য ভৱন সাজি উলিওৱা হৈছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি ১.৫০ লাখ বর্গমিটাৰ এলেকাজোৰা এই ভৱনটো মোদী চৰকাৰৰ আধুনিক, দক্ষ আৰু নাগৰিককেন্...

August 5, 2025 3:16 PM August 5, 2025 3:16 PM

views 14

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

■ নতুন দিল্লীৰ হায়দাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভ্ৰমণৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰোমুঅ'লডেজ মার্ক’ছ জুনিয়ৰৰ দ্বিপাক্ষিক বৈঠক চলি আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সভ্যতা, ইতিহাস আৰু জনসংযোগৰ জৰিয়তে ঘনিষ্ঠ সম্পর্ক আছে। ইযাৰ পূৰ্বে আজি ৰাজঘাটলৈ গৈ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূর্বে আজি পুৱা শ্ৰী মাৰ্ক’ছক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্...

August 1, 2025 9:17 PM August 1, 2025 9:17 PM

views 10

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমষ্টিটো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব। এই অনুষ্ঠানতেই শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ কুৰি সংখ্যক কিস্তিৰ ধন আনুষ্ঠানিকভাৱে মুকলি কৰি দিব। এই ব্যৱস্থাৰ জৰিয়তে প্রায় ২০ হাজাৰ ৫০০ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টলৈ মোকলাই দিয়া হ'ব আৰু ইয়াৰ ফলত দে...

July 24, 2025 8:59 PM July 24, 2025 8:59 PM

views 17

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰবন্ধটোত শ্ৰী সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নির্মাণ কোম্পানীসমূহে কিদৰে ভাৰতীয় কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্বৰে আগবাঢ়িছে আৰু কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত ক...