October 8, 2025 9:26 PM

views 45

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। এনে জটিল সময়ত তেওঁ ঘটনাত ক্ষতিগ্ৰস্ত লোক তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে সহমর্মিতা প্রকাশ কৰে।

October 8, 2025 9:11 PM

views 51

১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকা বিশ্বৰ বছা বছা চহৰৰ ভিতৰত মুম্বাইৰ নামও অন্তৰ্ভুক্ত হ'ল। বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে প্রধানমন্ত্ৰীয়ে বন্দৰটো পৰিদৰ্শন কৰে আৰু যাত্ৰীসকলৰ বিভিন্ন সা-সুবিধাৰ বুজ ল...

October 8, 2025 7:15 PM

views 38

ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত এছিয়াৰ সৰ্ববৃহৎ দূৰসংযোগ, মিডিয়া আৰু প্রযুক্তি সন্মিলন ভাৰতীয় মোবাইল মহাসভা-২০২৫ মুকলি কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয়, যে দূৰসংযোগ খণ্ডত দেশৰ সাফল্যই আত্ম-নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ শক্তিকে সূচায়। তেওঁ কয়, যে এসময়ত টু জি প্ৰযুক্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলাতে সম্প্রতি ফাইভ জি সেৱাৰ প্ৰৱৰ্তন হৈছে। তেওঁ কয়, যে দেশৰ ডিজিটেল সংযোগ এতিয়া আৰু কোনো বিলাসিতা নহয়, বৰং ই প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱনৰ অবিচ্ছেদ্...

October 8, 2025 7:09 PM

views 65

ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ঐতিহাসিক ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰলৈ আদৰণি জনাইছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ শ্ৰীকীৰৰ সৈতে কাইলৈ হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। এই ভ্ৰমণকালত প্রধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে মুম্বাইত হ'বলগীয়া ষষ্ঠ গোলকীয় বিত্ত প্রযুক্তি মহোৎসৱত অংশগ্ৰহণ কৰিব।

October 8, 2025 7:00 PM

views 54

বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত সামাজিক ন্যায় প্ৰদানৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ'ব।

October 7, 2025 3:52 PM

views 45

দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান বন্দৰ প্ৰকল্প। উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে পৰিগণিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ ...

October 7, 2025 11:42 AM

views 48

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এছিয়াৰ প্ৰধান দূৰসংযোগ আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব। চাৰিদিনীয়া এই অনুষ্ঠানটো নতুন দিল্লীৰ যশোভূমিত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব। পৰিৱৰ্তনৰ বাবে উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনত দূৰসংযোগ আৰু ডিজিটেল প্ৰযুক্তি খণ্ডত স্বনিৰ্ভৰশীলতা গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত 6G পৰিস্থিতি তন্ত্র, চাইবাৰ নিৰাপত্তা, উপগ্ৰহীয় যোগাযোগ, কৃত্রিম বুদ্...

October 2, 2025 7:01 PM

views 50

মল্লিকার্জুন খাৰ্গেৰ সৈতে কথা পাতি স্বাস্থ্যৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ সৈতে কথা পাতে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। প্রধানমন্ত্ৰীয়ে কংগ্ৰেছ নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি তেওঁৰ সু-স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে৷

October 1, 2025 9:05 PM

views 63

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছেঃ প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ বাবে আৰ এছ এছে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ১০০ বছৰীয়া যাত্ৰাত আৰ এছ এছে সমাজৰ বিভিন্ন শ্ৰেণ...

October 1, 2025 5:06 PM

views 48

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শতবৰ্ষ অনুষ্ঠানত আৰ এছ এছৰ ইতিহাস, সাংস্কৃতিক অৱদান আৰু দেশৰ অখণ্ডতা ৰক্ষাত সংগঠনটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে। সমবেতসকলক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয়, যে ১০০ বছৰ পূৰ্বৰ আজিৰ এই মহান দিনটোত আৰ এছ এছ গঠন কৰাটো কেৱল দায়িত্ববোধেই নাছি...