April 2, 2024 12:44 PM April 2, 2024 12:44 PM

views 8

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্ৰীমোদীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব।

April 2, 2024 12:40 PM April 2, 2024 12:40 PM

views 11

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী  সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে...

April 2, 2024 12:06 PM April 2, 2024 12:06 PM

views 18

জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্ৰহণ কৰিব

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্রার্থী বাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ'ল ৰাজস্থানত শ্রীমোদীৰ নিৰ্বাচনকেন্দ্রিক প্রথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। Read More :  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অন...

April 1, 2024 8:18 PM April 1, 2024 8:18 PM

views 6

গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ'ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সমাৰোহত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে, ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু ই এটা অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বেংকিং খণ্ড এতিয়া লাভজনক স্থিতিত উপনীত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসম...

April 1, 2024 7:37 PM April 1, 2024 7:37 PM

views 29

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্তন উপৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু আদৱানীৰ পৰিয়ালৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে।

April 1, 2024 10:44 AM April 1, 2024 10:44 AM

views 2

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ উপলক্ষে আয়োজিত RBI at 90 শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কৃষণৰাও আৰু পংকজ চৌধাৰীও এই কার্যসূচীত উপস্থিত থাকিব। এই উপলক্ষে আৰ বি আইৰ গৰ্ভনৰ শক্তিকান্ত দাসেও ভাষণ দিব। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পহিলা এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি প্রতিষ্ঠানটোৱে ৯০ বছৰত প্ৰবেশ...