May 28, 2024 5:25 PM May 28, 2024 5:25 PM

views 15

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অভিযোগ তুলিছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে বিৰোধী দলটোৱে ভোটবেংকৰ ৰাজনীতিৰ বাবে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। শ্রী মোদীয়ে কয় যে তেওঁ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক কংগ্ৰেছে যে তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰি আছে, সেই বিষয়ে অৱগত কৰিব খোজে। শ্রী মোদীয়ে কয় যে তেওঁ এই লোকসকলক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। বিৰ...

May 28, 2024 4:27 PM May 28, 2024 4:27 PM

views 10

স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে কৈছে যে মাতৃভূমিৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ সাৱৰকাৰ সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

May 25, 2024 5:32 PM May 25, 2024 5:32 PM

views 16

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

May 25, 2024 5:06 PM May 25, 2024 5:06 PM

views 19

বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ, সমাজবাদী পার্টী, নেচনেল কনফাৰেন্স, জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰ...

May 11, 2024 2:26 PM May 11, 2024 2:26 PM

views 18

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...

May 9, 2024 5:25 PM May 9, 2024 5:25 PM

views 11

মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে, মহাৰাণা প্রতাপৰ জীৱনটোক সাহস, আত্মসন্মান আৰু শৌর্যৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে, তেওঁৰ এই গুণাৱলীয়ে দেশবাসীক আজিও অনুপ্ৰাণিত কৰি আহিছে।

May 9, 2024 5:17 PM May 9, 2024 5:17 PM

views 7

বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবেই তেওঁ চিৰস্মৰণীয় হৈ ৰ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্রপলিটান য়'হানৰ পৰিয়াল আৰু বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে।

May 8, 2024 8:20 PM May 8, 2024 8:20 PM

views 10

বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়েঃ মোদী

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভ...

May 8, 2024 7:45 PM May 8, 2024 7:45 PM

views 17

ভেমুল্লাবাড়াত প্রধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাত দ...

May 11, 2024 12:35 PM May 11, 2024 12:35 PM

views 13

ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ দফা বাতিলৰ লগতে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে ভোটদানৰ জৰিয়তে দলটোৰ প্ৰতি দেখুওৱা আস্থাৰ বাবেহে সম্ভৱ হৈ উঠে বুলিও তেওঁ কয়। কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ স...