July 20, 2024 8:02 PM July 20, 2024 8:02 PM

views 4

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই অনাগত সময়ত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়ো পক্ষৰ মাজৰ শেহতীয়া যোগাযোগৰ ফলত সৃষ্টি হোৱা গতিৰ বিষয়ে আলোকপাত কৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বাবে সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰসমূহ হৈছে–বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, পশুপালন, ফার্মাচিউটিকেল, শিক্ষা, মহাকাশ আদি। প্রধানমন্ত্র...

July 20, 2024 6:23 PM July 20, 2024 6:23 PM

views 16

২৮ জুলাইত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক-যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্রীমোদীয়ে জনসাধাৰণক মাই গভ, নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে ১৮০...

July 16, 2024 1:38 PM July 16, 2024 1:38 PM

views 6

কে কমৰাজৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খ্যাতনামা ৰাজনীতিক কে কমৰাজৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়াত কমৰাজৰ অৱদান এতিয়াও অনন্য আৰু তেঁওৰ আদৰ্শক বাস্তবায়িত কৰাৰ লগতে এখন কল্যাণকামী সমাজ গঢ়িবলৈ চৰকাৰ সংকল্পবদ্ধ।

July 15, 2024 9:47 AM July 15, 2024 9:47 AM

views 12

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১ লাখ অনুগামী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুগামীৰ সংখ্যা ১০ কোটি পাৰ হোৱাৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজেই সুখ...

July 13, 2024 9:29 AM July 13, 2024 9:29 AM

views 11

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৬ হাজাৰ ৬০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে-বোড়িৱলি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বোড়িৱলিৰ মাজৰ যাত্রা পথ ১...

July 11, 2024 2:34 PM July 11, 2024 2:34 PM

views 11

দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম...

July 11, 2024 10:15 AM July 11, 2024 10:15 AM

views 11

অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্রমণে দুয়ো দেশৰ মাজৰ বন্ধুত্ব এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ কাৰ্ল নেহমৰ, অষ্ট্ৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ভিয়েনাত চেন্সেলৰ নেহমৰৰ সৈতে হোৱা আলোচনাৰ অন্তত প্রধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই দুয়ো দেশৰ মাজৰ দ...

July 11, 2024 10:12 AM July 11, 2024 10:12 AM

views 7

দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ ল'ব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখ...

July 10, 2024 2:38 PM July 10, 2024 2:38 PM

views 7

ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্রী নেহাম্মেৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। একে সময়তে সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে সহযোগিতাৰে কাম কৰাৰ উদ্দেশ্যে উভয় পক্ষৰ মাজত হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই থকা বুলিও শ্রী মোদীয়ে লগতে প্রকাশ কৰে। আনহাতে, অষ্ট্ৰিয়াৰ চেঞ্চেলৰ...

July 10, 2024 11:55 AM July 10, 2024 11:55 AM

views 14

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ...