August 19, 2024 8:24 PM August 19, 2024 8:24 PM
10
কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে...