September 3, 2024 5:34 PM
13
ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওৱা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই...