September 23, 2024 12:08 PM September 23, 2024 12:08 PM

views 13

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰণৰ সৈতে সংগতি ৰাখি মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে। মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী ক...

September 16, 2024 7:54 PM September 16, 2024 7:54 PM

views 6

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃত কাল প্ৰত্যক্ষ কৰিছে আৰু তেওঁ দেশক অহা ২৫ বছৰৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুজৰাটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য...

September 16, 2024 6:04 PM September 16, 2024 6:04 PM

views 10

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্...

September 14, 2024 2:44 PM September 14, 2024 2:44 PM

views 5

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...

September 14, 2024 2:43 PM September 14, 2024 2:43 PM

views 21

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা ...

September 13, 2024 5:51 PM September 13, 2024 5:51 PM

views 3

বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰসমূহত আঞ্চলিক সহযোগিতাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিমান পৰিবহণ খণ্ডৰ স্থায়ী বিকাশৰ উদ্দেশ্যে এই ঘোষণাপত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হ...

September 13, 2024 5:20 PM September 13, 2024 5:20 PM

views 20

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্বর্ণ পদক বিজয়ী সুমিত আট্টিলে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এটা স্বর্ণপদক উচৰ্গা কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি...

September 12, 2024 1:43 PM September 12, 2024 1:43 PM

views 5

ভাৰত মণ্ডপমত এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত প্রধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই 'দিল্লী ঘোষণা' গ্রহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী ঘোষণাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ উন্নীত কৰাৰ এক দূৰদৰ্শী পৰিকল্পনা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই মন্ত্রী সন্মিলনখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীক এই সন্মি...

September 12, 2024 1:18 PM September 12, 2024 1:18 PM

views 14

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি অথবা ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিৰ নাগৰিকসকলেও আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্...

September 12, 2024 12:21 PM September 12, 2024 12:21 PM

views 14

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্...