October 7, 2024 9:28 AM
17
মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে প্রধানমন্ত্ৰী মোদী আলোচনাত মিলিত হ’ব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ড° মুইজ্জুৱে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অর্পণ কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ...