October 2, 2024 3:14 PM October 2, 2024 3:14 PM

views 4

এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিব। নতুন দিল্লীত আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া বৰ্ষপূর্তি উপলক্ষে স্বচ্ছতাই সেৱা ২০২৪ অনুষ্ঠানত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাক এক গণ আন্দোলনৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাক সন্মান প্ৰদৰ্শন কৰে। স্বচ্ছ ভাৰত অভিযানৰ সফলতাত প্ৰতিজন ভাৰতীয়ই অৱদান আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ সৈতে সংগতি ৰাখি আজি বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন ক...

October 2, 2024 9:32 AM October 2, 2024 9:32 AM

views 12

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডে এখন বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

October 1, 2024 2:18 PM October 1, 2024 2:18 PM

views 4

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ড° হলনেছে প্রথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যৱসায় আৰু বাণিজ্যৰ আগশাৰীৰ নেতাসকলৰ সৈতেও মিলিত হ'ব। চা...

October 1, 2024 10:10 AM October 1, 2024 10:10 AM

views 8

প্ৰধানমন্ত্ৰী মোদী জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ'লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ'ব। দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ এই আলোচনাত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এণ্ডিউ হ'লনেছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ লগতে কেইবাগৰাকীও উদ্যোগপতিৰ সৈতে মত বিনিময় কৰিব। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ড০ এণ্ডি...

September 28, 2024 8:15 PM September 28, 2024 8:15 PM

views 12

ছহীদ ভগত সিঙৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুক্তিযোদ্ধা ছহীদ ভগত সিঙৰ প্ৰতি তেওঁৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভগত সিঙক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অমৰ শ্বহীদ, যি নিজৰ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। গৃহমন্ত্রী অমিত শ্বাহে কয় যে বিপ্লৱী ভগত সিঙে কেৱল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মাত মতা নাছিল, বৰং দেশৰ স্বাধীনতা আৰু সোণালী ভৱিষ্যতৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্ৰীশ্বাহে কয় যে ভগত সিঙৰ ত্যাগ পৰৱৰ্ত্তী সম...

September 28, 2024 8:10 PM September 28, 2024 8:10 PM

views 7

হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰেছ দলটোৱে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে। বিজেপিয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে হাৰিয়ানাত বিজেপি চৰকাৰে ২৪ ব...

September 28, 2024 6:07 PM September 28, 2024 6:07 PM

views 10

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্রী শ্রী মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে দেশৰ জনতাক দৰিদ্ৰতাৰ বিৰুদ্ধে যুজত সক্রিয় অংশগ্ৰহণকাৰী হ'বলৈ শক্তিশালী কৰাত চৰকাৰে মনোনিৱেশ কৰিছে। তাৰ বাবে ১২ টা মূল সামাজিক খণ্ডৰ সূচকত ব...

September 28, 2024 6:00 PM September 28, 2024 6:00 PM

views 41

কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে কাইলৈ দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা...

September 23, 2024 3:06 PM September 23, 2024 3:06 PM

views 3

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ মাজত ভাৰসাম্যতা সময়ৰ প্ৰয়োজনীয়তা আৰু গণতান্ত্রিক মূল্যবোধ আৰু প্ৰযুক্তিৰ একত্ৰীকৰণ মানৱ কল্যাণৰ বাবে এটা প্রতিশ্রুতি। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিভা, গণতন্ত্ৰ আৰু বজাৰৰ এখন দেশ। এয়া এক দুৰ্...

September 23, 2024 1:40 PM September 23, 2024 1:40 PM

views 12

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই দবা খেলৰ নতুন প্ৰজন্মক খেলত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।