October 22, 2024 4:03 PM October 22, 2024 4:03 PM

views 10

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে। তেওঁ লগতে কয় যে, নেতাগৰাকীয়ে অসাধাৰণ প্ৰশাসক হিচাপে পৰিচয় গঢ়ি তুলিছে আৰু বিকশিত ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ বাবে ভালেমান প্রচেষ্টা গ্রহণ কৰিছে। বিদেশ মন্ত্রী এছ জয় শংকৰে সা...

October 22, 2024 3:26 PM October 22, 2024 3:26 PM

views 7

দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত হৈছে। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্রী মোদীয়ে কয় যে, ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ দৰে বিষয়সমূহক লৈ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ঘনিষ্ঠ সহযোগিতাত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে, যোৱা বছৰ নতুন সদস্যৰ অন্তৰ্ভুক্তিৰে ব্ৰীকছ ৰ...

October 22, 2024 11:08 AM October 22, 2024 11:08 AM

views 12

ব্রিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাছিয়ালৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাজানত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশ ল'ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে-গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা। ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুমাৰে কালি কাজানত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত কয় যে, এই সন্মিলনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ আলোচনা কৰাৰ বাবে গুৰ...

October 14, 2024 6:23 PM October 14, 2024 6:23 PM

views 7

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২৫ অক্টোবৰত সামৰণি পৰিব

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'র্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বৰ্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ'ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্ৰাৰ্থীক এবছৰৰ ইণ্টাৰ্ণশ্বি...

October 13, 2024 9:12 PM October 13, 2024 9:12 PM

views 9

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ'ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্রার্থীক এবছৰৰ ইণ্টাৰ্ণশ্বি...

October 12, 2024 7:16 PM October 12, 2024 7:16 PM

views 9

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ pminternship.mca.gov.in পোৰ্টেল মুকলি

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে আজি বিয়লি ৫ বজাৰ পৰা pminternship.mca.gov.in পোৰ্টেল মুকলি কৰা হৈছে। এই পোৰ্টেলত এতিয়ালৈকে ১৯৩ টা কোম্পানীয়ে ৯০ হাজাৰ ৮৪৯ টা ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক- যুৱতীসকলক ২৪টা ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ বাবে সুবিধা আগবঢ়োৱা হৈছে। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বিত্তীয় বৰ্ষত এক লাখ ২৫ হাজাৰ প্ৰাৰ্থীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য লৈছে। এই প...

October 10, 2024 8:03 PM October 10, 2024 8:03 PM

views 6

ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছে। তেওঁ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ বুলি প্ৰকাশ কৰিছে। লাওৰ ৰাজধানী ৱিয়েটিয়ানত অনুষ্ঠিত ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু আছিয়ান দেশসমূহ শান্তিপ্ৰিয় ৰাষ্ট্ৰ আৰু তেওঁলোকে পৰস্পৰৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰে। শ্ৰী মোদীয়ে কয় যে, বিশ্বৰ বিভিন্ন অংশ সংঘৰ্ষ আৰু উত...

October 10, 2024 7:30 PM October 10, 2024 7:30 PM

views 6

প্রধানমন্ত্ৰী মোদী ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত অসমৰ বিহু নাচেৰে আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাও পি ডি আৰ ভ্রমণসূচীৰে ভিয়েনটিয়ানত উপস্থিত হৈছে। ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ বিহু নাচেৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীক বিহু নাচেৰে আদৰণি জনোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰি অসমৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে৷

October 10, 2024 5:31 PM October 10, 2024 5:31 PM

views 4

লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে আছিয়ান ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰীক আদৰণি জনায়। ভ্ৰমণৰ পূৰ্বে নতুন দিল্লীত প্রধানমন্ত্ৰীয়ে দিয়া এটা বিবৃতিত কয় যে তেওঁ আজি ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এইবাৰকে ধৰি এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশমবাৰৰ বাবে অংশগ্রহণ কৰিব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে শ্ৰী ম...

October 9, 2024 9:10 PM October 9, 2024 9:10 PM

views 8

কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ভিয়েনটিয়েনলৈ যাব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ লাওচৰ ভিয়েনটিয়েনলৈ যাব। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা পূৱৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমজুমদাৰে জনাই যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশম সংখ্যক অংশগ্রহণ। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে লাওচৰ প্ৰধানমন্ত্ৰী চনেক্সে চিফান্দনৰ আমন্ত্ৰণ মৰ্মে ভিয়েনটিয়ে...