November 12, 2024 8:22 AM November 12, 2024 8:22 AM

views 22

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রায় বিলুপ্ত হৈ পৰা এই ইগাছ উৎসৱ এতিয়া উত্তৰাখণ্ডৰ লোকসকলৰ বিশ্বাসৰ ভেটি হিচাপে গঢ় লৈ উঠিছে। তেওঁ উত্তৰাখণ্ডৰ লোকসকলক এই পৰম্পৰাগত উ...

November 12, 2024 8:18 AM November 12, 2024 8:18 AM

views 8

মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে ড০ ৰামগুলামৰ সৈতে বাৰ্তালাপ কৰি দেশখনৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰিছে বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ড০ ৰামগুলামক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। দেশখনৰ সৈতে থকা বিশেষ আৰু অনন্য সহযোগিতাক শক্তিশালী কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ বাট চাই থকাৰ বিষয়েও শ্রী মোদীয়ে প্রকাশ কৰে৷

November 12, 2024 8:14 AM November 12, 2024 8:14 AM

views 16

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ‍

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ‍ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, শক্তি তথা যোগাযোগকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত- বিনিময় কৰে। সাক্ষাৎকালত শ্ৰী মোদীয়ে উভয় দেশৰ মাজত থকা বিশেষ কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই কৰি অহা প্ৰচেষ্টাৰ শলাগ লয়। শ্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনলৈ শুভেচ্ছা জ্ঞাপন কৰি দেশখনৰ সৈতে কৰি অহা কাম-কাজ অধিক আগুৱাই নিবলৈ আগ্ৰহী বুলি প্...

November 5, 2024 10:50 AM November 5, 2024 10:50 AM

views 12

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল'ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ'ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ ন...

November 4, 2024 8:06 PM November 4, 2024 8:06 PM

views 9

হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। গড়ৱাৰ চেতনা মৈদানত আজি এখন নির্বাচনী সমাবেশক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, জে এম এম, কংগ্ৰেছ আৰু আৰ জে দিয়ে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে ঝাৰখণ্ডৰ সুৰক্ষা, স্থায়ীত্ব আৰু সমৃদ্ধিৰ গেৰেণ্টি লৈ নির্বাচনী যুঁজত প্ৰৱেশ কৰিছে। চাইবাছাত বিজয় সংকল্প সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, কেন্...

November 4, 2024 5:48 PM November 4, 2024 5:48 PM

views 10

ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ অসমত পালন কৰি থকা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰীয়ে ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে, এই সপ্তাহটো অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া উপলক্ষে অসমৰ জনসাধাৰণৰ উদ্যমৰ প্ৰতীক। তেওঁ কয় যে, এই সপ্তাহটোত উদযাপন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীয়ে বিভিন্ন সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ গভীৰ কৰি তুলিব। প্রধানমন্ত্ৰীয়ে অসমৰ বাহিৰৰ লোক সকলকো এ...

November 2, 2024 6:16 PM November 2, 2024 6:16 PM

views 14

ভাৰত আৰু গ্ৰীচৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সহমতত উপনীত প্রধানমন্ত্ৰী মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ' টেকিছ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। টেলিফোনযোগে হোৱা এটা কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক মণ্ডল আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত-বিনিময় কৰে। দুয়োগৰাকী নেতাই শেহতীয়া উচ্চ পৰ্যায়ৰ মত-বিনিময়ৰ জৰিয়তে দ্বিপাক্ষিক সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁলোকে বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন আ...

November 1, 2024 5:45 PM November 1, 2024 5:45 PM

views 9

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ দেহাৱসান

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ আজি নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছত দেহাৱসান ঘটে। ৬৯ বছৰ বয়সীয়া অর্থনৈতিক বিশেষজ্ঞগৰাকীক যোৱানিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অর্থনীতিবিদগৰাকীয়ে ৰামকৃষ্ণ মিছন বিদ্যালয়, কলকাতাৰ প্ৰেছিডেন্সী কলেজ, দিল্লী স্কুল অৱ ইকনমিকছ আৰু কেম্ব্ৰিজৰ ত্ৰিনিটী কলেজত শিক্ষাগ্ৰহণ কৰিছিল। কৰ্মজীৱনত তেওঁ ভালেমান স্থানত ভিন ভিন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বিবেক দেবৰয়ৰ বিয়োগত গভীৰ শো...

November 1, 2024 5:19 PM November 1, 2024 5:19 PM

views 7

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে দেশৰ উন্নয়নৰ যাত্ৰাপথত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰে। একেদৰে উপ- ৰাষ্ট্...

October 26, 2024 9:16 PM October 26, 2024 9:16 PM

views 9

সোমবাৰে প্রধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুজৰাট ভ্ৰমণ কৰিব। তেওঁ এই ভ্রমণকালত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ'ছানছেছৰ সৈতে টাটা এডভান্সড চিষ্টেম লিমিটেড কেম্পাছত চি - ২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰ ক্রাফ্‌ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীয়ে ভাৰত মাতা সৰোবৰ উদ্বোধন কৰাৰ লগতে আমৰেলীত প্ৰায় ৪ হাজাৰ ৯০০ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে এই প্রকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্...