December 6, 2025 2:52 PM

views 31

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

● ভাৰত আৰু ৰাছিয়াই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ হাজাৰ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়ী মঞ্চৰ বৈঠকত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োপক্ষৰ প্ৰৱল সম্ভাৱনাই নিৰ্ধাৰিত সময়ৰ পূৰ্বেই যে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত উপনীত হ'ব পৰা যাব তাকেই সূচাইছে। তেওঁ কয় যে ব্যৱসায়ৰ বাবে সৰল আৰু সহজে অনুমেয় ব্যৱস্থা গঢ়ি তোলা হৈছে। ভাৰত আৰু ইউৰেছিয় অর্থনৈতিক সংঘৰ মাজত মুক্...

December 5, 2025 12:22 PM

views 29

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নি...

December 4, 2025 8:38 PM

views 22

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

December 3, 2025 11:41 AM

views 37

সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শ...

December 1, 2025 12:42 PM

views 24

সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ...

November 29, 2025 5:16 PM

views 21

ছত্তিশগড়ত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নৱা ৰাইপুৰত অনুষ্ঠিত তিনিদিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে শ্ৰী শ্বাহে কয়, যে এই সন্মিলনক অভ্যন্তৰীণ সুৰক্ষাৰ সমাধানৰ পৰ্টেল হিচাপে গঢ় দিয়া হৈছে। এই সন্মিলনে কৌশলগত আৰু নীতি প্ৰস্তুতকৰণৰ বাবে আদর্শগত ভেটি গঢ়ি তুলিছে বুলি শ্ৰী শ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয, যে দেশে বিগত ১১ বছৰত মৌলবা...

November 27, 2025 3:47 PM

views 29

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

November 27, 2025 2:24 PM

views 27

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 27, 2025 3:40 PM

views 26

শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ লাভ কৰা অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হ'ব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী অনুযায়ী সুৰক্ষিত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। সন্মিলনত শ্...

November 25, 2025 1:07 PM

views 28

অহা দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে ২৮ নৱেম্বৰ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।