December 5, 2024 8:30 PM

views 22

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুৰ প্রধানমন্ত্ৰীক সাক্ষাৎ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুক আজি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মোদীয়ে ভূটানৰ বিকাশ আৰু আঞ্চলিক উন্নয়নৰ বাবে জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ দৃষ্টিভংগীক প্ৰশংসা কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ভূটানৰ মাজত থকা অনন্য আৰু চিৰস্থায়ী অংশীদাৰিত্ব আগবঢ়াই নিবৰ বাবে দুয়োখন দেশেই প্রতিশ্রুতিবদ্ধ। উল্লেখযোগ্য যে, আজি পুৱা ভূটানৰ ৰজা আৰু ৰাণী দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। বিদেশমন্ত্রী ড° এছ জয়শংকৰে তেওঁল...

December 3, 2024 4:41 PM

views 11

দেশত নতুনকৈ প্ৰৱৰ্তন কৰা ৩খন ফৌজদাৰী আইনৰ পুনৰীক্ষণ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত নতুনকৈ প্ৰৱৰ্তন কৰা তিনিখন ফৌজদাৰী আইনৰ পুনৰীক্ষণ কৰিছে। চণ্ডিগড়ত অনুষ্ঠিত এই পুনৰীক্ষণত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব। বিশেষ বিমান যোগে চণ্ডীগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী আৰু প্ৰশাসনৰ অন্যান্য বিষয়াই আদৰণি জনায়। শ্রী মোদীয়ে পঞ্জাব অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটা অনুষ্ঠানত ভাষণ দিয়ে।

November 30, 2024 7:00 PM

views 10

ভুৱনেশ্বৰত অনুষ্ঠিত সদৌ ভাৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা পৰিদৰ্শক সন্মিলনত প্রধানমন্ত্রী মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত সদৌ ভাৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা পৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ভূবনেশ্বৰৰ লোকসেৱা ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত তিনিদিনীয়া সন্মিলখন উদ্বোধন কৰিছিল। প্ৰধানমন্ত্রী মোদীয়ে কাইলৈ সন্মিলখনত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রী কার্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে ইতিমধ্যে সন্মিলনখনত মুকলি আৰু তথ্য সমৃদ্ধ আলোচনা হ'ব বুলি আশা প্রকাশ কৰিছে। গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰীয়...

November 28, 2024 8:28 PM

views 16

প্রধানমন্ত্রী পদ পথ ব্যৱসায়ী আত্ম নিৰ্ভৰ আঁচনি চমুকৈ পি এম সৰ্বনিধিৰ অধীনত বৰ্তমানলৈকে ৬৭ লাখৰো অধিক লোক উপকৃত

প্রধানমন্ত্রী পদ পথ ব্যৱসায়ী আত্ম নিৰ্ভৰ আঁচনি চমুকৈ পি এম সৰ্বনিধিৰ অধীনত এতিয়ালৈকে ৬৭ লাখৰো অধিক লোক উপকৃত হৈছে। নগাৰঞ্চলত ক্ষুদ্ৰ ব্যৱসায় কৰা এই লোকসকললৈ ৫০ হাজাৰ টকা পৰ্যন্ত চতহীন হ্রস্বম্যাদী মূলধনী ঋণ প্ৰদানৰ বাবে ২০২০ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী তোষাণ চাহুৱে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বৰ্তমানলৈ ১৩ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ৯৩ লাখ ঋণি প্ৰদান কৰা হৈছে।

November 28, 2024 8:24 PM

views 13

ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ সন্তুষ্টি প্রকাশ কৰিছে। শ্ৰী মোদীয়ে আজি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতীয় সংস্কৃতিয়ে বিশ্ব পৰ্যায়ত অনুৰণৰ সৃষ্টি কৰিছে। নিজৰ বিদেশ যাত্ৰাৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আমাৰ ইতিহাস-সংস্কৃতিৰ প্ৰতি এই অপাৰ আগ্ৰহ সঁচাকৈ আনন্দদায়ক।

November 16, 2024 8:56 PM

views 13

মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰে। মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ বিজেপি কৰ্মীসকলৰ লগত ভার্চুৱেল ব্যৱস্থাৰে বাৰ্তালাপ কৰি কয়, যে মহাৰাষ্ট্ৰৰ জনসাধাৰণ মহায়ুটি চৰকাৰৰ আঢ়ৈ বছৰীয়া শাসনত অতিশয় সন্তুষ্ট। তেওঁ বিজেপি কৰ্মীসকলৰ অদম্য ত্যাগক প্ৰশংসা কৰি কয়, যে কর্মীসকলে বিগত কেইবামাহো ধৰি অক্লান্তভাৱে কাম কৰি যোৱাটো গণতন্ত্ৰৰ সৰ্ববৃহৎ তপস্য...

November 16, 2024 8:13 PM

views 19

৫ দিনীয়া ভ্ৰমণসূচীৰে নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নাইজেৰিয়া, ব্রাজিল আৰু গায়ানাৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হয়। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্রীয়ে কয়, যে এয়া তেওঁৰ পশ্চিম আফ্ৰিকাত ভাৰতৰ ঘনিষ্ঠ সহযোগী নাইজেৰিয়াৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই ভ্রমণে গণতন্ত্ৰ আৰু বহুত্ববাদৰ পাৰস্পৰিক বিশ্বাস আধাৰত দেশখনৰ সৈতে কৌশলগত সহযোগিতা গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক আৰু নাইজেৰিয়া জনসাধাৰণো সাক্ষাৎ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। নাইজেৰিয়াৰ একাংশ জনসাধাৰণে...

November 16, 2024 5:37 PM

views 11

সামাজিক মাধ্যমৰ এই যুগত য’ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সামাজিক মাধ্যমৰ এই যুগত য'ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছে। এটা ব্যক্তিগত সংবাদ সংস্থাই আয়োজন কৰা নেতৃত্ব সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয যে তেওঁ চৰকাৰ ভোটবেংক ৰাজনীতিৰ পৰা আঁতৰত আছে আৰু জনসাধাৰণৰ বাবে, জনসাধাৰণৰ দ্বাৰা বিকাশৰ মন্ত্ৰৰে কাম কৰি আছে। চৰকাৰে দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে এই বিশ্বাস লৈয়ে তেওঁলোকক দায়...

November 14, 2024 2:46 PM

views 11

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৬,৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

November 14, 2024 2:32 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা

ডমিনিকাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছে। কোৱিড-19 মহামাৰীৰ সময়ত ডমিনিকালৈ আগবঢ়োৱা অৱদান তথা ভাৰত আৰু ডমিনিকাৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। গায়ানাৰ জৰ্জ টাউনত ১৯ৰ পৰা ২১ নৱেম্বৰলৈ হ'বলগীয়া ভাৰত-কেৰিকম সন্মিলনত কমনৱেল্থ অব্ ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানী বার্টনে শ্রী মোদীক এই বঁটা প্রদান কৰিব। ডমিনিকাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ ফেব...