December 14, 2024 3:03 PM

views 24

মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰীত্ব শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱাৰ লগতে সমাৰোহখনত সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাত আলোকপাত কৰা হ'ব। তদুপৰি দ্ৰুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অধিক সমন্বয়ত গুৰুত্ব দি...

December 13, 2024 8:28 PM

views 26

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।

December 13, 2024 8:13 PM

views 14

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাবঃ প্ৰধানমন্ত্ৰী

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ'ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অহা বছৰৰ ১৩ জানুৱাৰীৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ'বলগীয়া এই মহাকুম্ভ মেলাৰ অহা ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্রায় ৫ হাজাৰ ৫০০ কোটি টকা ব্যয়স...

December 11, 2024 2:23 PM

views 12

তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে সুব্রমনিয়া ভাৰতী এগৰাকী দূৰদৰ্শী কবি, লেখক, স্বাধীনতা যুঁজাৰু আৰু সমাজ সংস্কাৰক আছিল, যাৰ শব্দই অগণন লোকৰ মনত দেশপ্ৰেম আৰু আন্দোলনৰ ভাৱনা জগাই তুলিছিল। প্রধানমন্ত্রীয়ে লগতে সমতা আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰত শ্ৰী ভাৰতীৰ প্রগতিশীল আদর্শও সমানেই অনুপ্ৰেৰণাদায়ী বুলি মন্তব্য কৰে। এই উপলক্ষে আজি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাসগ...

December 11, 2024 10:33 AM

views 16

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিংযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত-বিনিময় কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত আৰম্ভ হ'বলগীয়া হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। অনুষ্ঠানত ১৩০০ অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে শিক্ষাৰ্থীসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে এখন মঞ্চ প্ৰদান কৰা আৰু ছাত...

December 9, 2024 2:42 PM

views 14

জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল আমাৰ দেশক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমানৰ শতিকা প্রযুক্তি আৰু তথ্য চ...

December 9, 2024 1:05 PM

views 13

আজি প্রধানমন্ত্ৰী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু হাৰিয়ানাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্রী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনতে আয়োজন কৰা ৰাজস্থান বিশ্ব বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৫ হাজাৰৰো অধিক ব্যৱসায় আৰু বাণিজ্য প্রতিনিধি, আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ আৰু বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰিব। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শর্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী সন্মিলনত উপস্থিত ...

December 7, 2024 8:37 PM

views 18

সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীকঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীক। সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে দিয়া বাৰ্তাত শ্রী মোদীয়ে কয়, যে তেওঁলোকৰ সাহস আৰু ত্যাগে সকলোকে উৎসাহিত কৰাৰ লগতে বিনম্ৰ কৰি তোলে। শ্ৰী মোদীয়ে জনসাধাৰণক সশস্ত্র বাহিনীৰ পতাকা দিৱসৰ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈও আহ্বান জনায়।

December 7, 2024 8:25 PM

views 28

যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা ১০০ দিনীয়া বিশেষ অভিযান অধিক শক্তিশালী হৈ উঠিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত ১০০ দিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। এই অভিযানৰ মূল লক্ষ্য হৈছে যক্ষ্মা অধ্যুসিত জিলাসমূহত এই ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা। এটা সামাজিক মাধ্যমত দিয়া বার্তাত শ্রী মোদীয়ে কয়, যে ভাৰতে ৰোগীক দিয়া সমর্থন, জনসাধাৰণৰ অংশগ্রহণ, নতুন নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নতমানৰ ৰোগ নিৰুপনকাৰী আহিলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যক্ষ্মাৰ ব...

December 7, 2024 8:07 PM

views 11

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক প্ৰধানমন্ত্ৰী মোদীৰ অভিবাদন

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক অভিবাদন জনায়। তেওঁ কয়, যে সেনা জোৱানসকলৰ সাহস আৰু ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশৰ প্ৰতি দায়িত্বশীল হবলৈ শিকোৱাৰ লগতে প্ৰেৰণা যোগায়। এই দিৱস উপলক্ষে তেওঁ সশস্ত্র বাহিনীৰ পতাকা নিধিলৈ বৰঙণি আগবঢ়াবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। গুৱাহাটীৰ ৰাজভৱনতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ উপস্থিতিত অনুষ্ঠিত এই দিৱসত সশস্ত্র বাহিনীৰ জ...