January 2, 2025 4:02 PM January 2, 2025 4:02 PM

views 12

মহাৰাষ্ট্ৰ চৰকাৰে মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এইবিষয়ে প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যখনৰ গড়চিৰৌলি আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি গড়চিৰৌলিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিজৰ সন্মুখত ১১ জন ...

January 2, 2025 10:05 AM January 2, 2025 10:05 AM

views 9

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে উদ্ভিদ বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদান পৰৱৰ্ত্তী প্রজন্মৰ উদ্ভিদ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। শ্রীমোদীয়ে লগতে কয় যে কেৰালাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি মনিলাল সমানে আগ্রহী আছিল।

December 24, 2024 3:46 PM December 24, 2024 3:46 PM

views 5

কাইলৈ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদী মধ্য প্ৰদেশলৈ যাব

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্য প্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহোত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্রধানমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিব। শ্রী মোদীয়ে লগতে এহেজাৰ ১৫৩টা অটল গ্রাম সুশাসন ভৱনৰ আধাৰশিলা স্থাপন কৰিব।

December 24, 2024 3:33 PM December 24, 2024 3:33 PM

views 13

কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে অর্থনীতিবিদৰ সৈতে আলোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে একাংশ অর্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়াম আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে।

December 24, 2024 10:28 AM December 24, 2024 10:28 AM

views 11

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু নিযুক্তিপ্রাপ্তসকলে সম্পূর্ণ একাগ্ৰতাৰে দেশৰ সেৱাত ব্ৰতী হৈ আছে। দেশৰ মুঠ ৪৫টা স্থানত নিযুক্তি পত্র বিতৰণৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত পদক...

December 19, 2024 5:20 PM December 19, 2024 5:20 PM

views 13

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে কুৱেইটত উপস্থিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত কুৱেইট ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্রধানমন্ত্ৰীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। শ্রীমোদীৰ এই ভ্রমণে দুয়োদেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক সূদৃঢ় কৰাৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ মৈত্রীপূর্ণ সম্...

December 14, 2024 2:56 PM December 14, 2024 2:56 PM

views 16

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্রণেতা ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি...

December 14, 2024 3:03 PM December 14, 2024 3:03 PM

views 11

মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰীত্ব শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱাৰ লগতে সমাৰোহখনত সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাত আলোকপাত কৰা হ'ব। তদুপৰি দ্ৰুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অধিক সমন্বয়ত গুৰুত্ব দি...

December 13, 2024 8:28 PM December 13, 2024 8:28 PM

views 13

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।

December 13, 2024 8:13 PM December 13, 2024 8:13 PM

views 3

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাবঃ প্ৰধানমন্ত্ৰী

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ'ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অহা বছৰৰ ১৩ জানুৱাৰীৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ'বলগীয়া এই মহাকুম্ভ মেলাৰ অহা ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্রায় ৫ হাজাৰ ৫০০ কোটি টকা ব্যয়স...