January 22, 2025 5:19 PM January 22, 2025 5:19 PM

views 18

নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলৰ প্ৰচাৰৰ অংশ হিচাপে আজি নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিছে। মেৰা বুথ চবচে মজবুত শ্লোগানেৰে কিছু সময়ৰ পূৰ্বে মত-বিনিময় অনুষ্ঠান আৰম্ভ হয়। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ দলৰ কাৰ্যকৰ্তাসকলে নিৰলসভাৱে আৰু নিষ্ঠাৰে কৰা শ্ৰম আৰু ত্যাগৰ ফলত বিজেপিয়ে দিল্লীত ক্ষমতা দখল কৰিবলৈ সমৰ্থক হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ এই কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি সুখী বুলিও মন্তব্য কৰে। এই মত বিনিময়ৰ কাল...

January 22, 2025 2:57 PM January 22, 2025 2:57 PM

views 25

বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

বেটি বচাও বেটি পঢ়াও অভিযান ৰূপান্তৰকামী তথা জনসাধাৰণ পৰিচালিত আন্দোলনত পৰিগণিত হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত ভাগ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে মত প্রকাশ কৰি শ্ৰী মোদীয়ে আজি কয় যে এই আন্দোলনে লিংগ বৈষম্য দূৰ কৰাত সহায় কৰিছে আৰু কন্যা শিশুৰ বাবে শিক্ষা আৰু সপোন বাস্তবায়িত কৰাৰ সুযোগ নিশ্চিত কৰাৰ উদ্দেশ্যে সঠিক বাতাৱৰণ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে এই অভিযানৰ ৰূপায়ণৰ পাছৰে প...

January 13, 2025 5:21 PM January 13, 2025 5:21 PM

views 29

মধ্য কাশ্মীৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি  ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্রম কৰাত সহায় কৰিব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পটোৰ কাম ২০১৫ চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কা...

January 11, 2025 9:19 PM January 11, 2025 9:19 PM

views 20

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষণো দিব।নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ আজি প্ৰথম দিনা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে ৰাজনীতিৰ সৈতে জড়িত নথকা এক লাখ যুৱক-যুৱতীক ৰাজনীতিত চ...

January 9, 2025 4:33 PM January 9, 2025 4:33 PM

views 5

বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান কৰি তেওঁলোকক দেশৰ বিশ্বব্যাপী ভাবমূর্তি আৰু বিকাশৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। আমেৰিকা-ইণ্ডিয়া কমিউনিটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ ভাৰত বাৰাইয়ে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা এটা প্ৰবন্ধত এই বিষয়ে প্রকাশ কৰে৷ ড০ বাৰাইয়ে কয় যে, হিউষ্টনত ‘হাউডি মোডী’, কুৱেইটৰ ‘হালা মোডী', আৰু মহাদেশখনৰ আন অসংখ্য অনুষ্ঠানে প্রবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত যোগাযোগৰ কথাকে প্ৰতিফল...

January 9, 2025 4:08 PM January 9, 2025 4:08 PM

views 6

তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্রকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলক সম্ভা সকলো ধৰণৰ সহায় আগবঢ়াইছে। উল্লেখয...

January 9, 2025 2:56 PM January 9, 2025 2:56 PM

views 3

ভূৱনেশ্বৰত অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত আজি অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। নিজৰ ভাষণত শ্রীমোদীয়ে প্রবাসী ভাৰতীয়সকলে বিশ্বত ভাৰতৰ ৰাষ্ট্ৰদূতৰূপে সেৱা আগবঢ়াই অহা বুলি প্ৰশংসা কৰে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন দেশত থকা এই ভাৰতীয়সকলে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু সন্মানক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় সম্প্রদায়ে বিশ্বজুৰি নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই দেশক গৌৰৱান্বিত কৰে। প্ৰবাসী ভাৰতীয়সকলে বিশ্বজুৰি ...

January 3, 2025 10:10 PM January 3, 2025 10:10 PM

views 4

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পর্যায় সম্পূৰ্ণ হ'ল। বস্তি এলেকাত বাস...

January 2, 2025 4:29 PM January 2, 2025 4:29 PM

views 4

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰ...

January 2, 2025 4:22 PM January 2, 2025 4:22 PM

views 6

ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছেঃ প্রধানমন্ত্ৰী

ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অর্থাৎ ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয়, যে ভাৰতত ই-বাণিজ্যৰ গণতান্ত্ৰিকৰণৰ লক্ষ্যৰে ২০২১ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ONDC ব্যৱস্থা মুকলি কৰিছিল। বিগত তিনিটা বছৰত ...